Daily Time Axom

হাতত বা ভৰিত নহয়! সমগ্র শৰীৰে টাটুৰে ভৰা এজন জাৰ্মানী

0 11

ডিজিটেল ডেস্কঃ টাটু বৰ্তমান প্ৰায় লোকৰ বাবেই হৈ পৰিছে এটা ট্ৰেণ্ড।কোনোৱে যদি হাতত কোনোৱে আকৌ পিঠিত, ভৰিত আদি শৰীৰৰ বিভিন্ন ঠাইত অংকন কৰে এই টাটু। কিন্তু জাৰ্মানীৰ এজন লোক, যিজনে সৰ্ব শৰীৰতে অংকন কৰি লৈছে টাটু। উলফগাং কিৰ্ছ নামৰ এই ৭২বছৰীয়া লোকজনক সম্প্ৰতি দেশখনৰ আটাইতকৈ অধিক টাটুধাৰী ব্যক্তিৰ স্বীকৃতি দিয়া হৈছে।

এই লোকজনে নিজৰ দেহত ৪৬ বছৰ বয়সতে প্ৰথম টাটু অংকন কৰিছিল। প্ৰথম টাটু আছিল দুয়োটা চকুৰ তলত সৰু সৰুকৈ অঁকা টাটু। এতিয়া দুই ভৰিৰ পতা দুখনৰ বাহিৰে সমগ্র দেহ তেওঁৰ টাটুৰে ভৰা। বৰ্তমানৰলৈকে লোকজনে টাটুৰ নামত খৰছ কৰিছে প্ৰায় ২৫ হাজাৰ ইউৰো। ভাৰতীয় হিচাপত ইয়াৰ মূল্য ২১লাখতকৈ অধিক টকা।

Leave A Reply

Your email address will not be published.