Daily Time Axom

নিয়ন্ত্ৰণ হেৰুৱাই একেৰাহে ১২খন গাড়ীত খুন্দা ট্ৰাকৰ

0 26

নিয়ন্ত্ৰণ হেৰুৱাই একেৰাহে ১২খন গাড়ীত খুন্দা মাৰে।

বৃহস্পতিবাৰে, মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত সংঘটিত হয় এই ঘটনা। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সেই পথেৰে গৈ থকা অৱস্থাত এখন ট্ৰাকে হঠাতে ব্ৰেক মাৰিলে। প্ৰথমে ট্ৰাকখনে তিনি-চাৰিখন গাড়ীত খুন্দা মাৰে। শেহতীয়া খবৰ অনুসৰি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ১২খন বাহনত খুন্দা মাৰে।

ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। দেখা যায় যে বহু গাড়ী ৰাস্তাত থিয় হৈ আছে। অৱশ্যে এই ঘটনাত হতাহতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে মুম্বাই-পুনে এক্সপ্ৰেছৱে’ত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল এখন গাড়ী। সেই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.