Daily Time Axom

অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ মূলাগাভৰু বঁটা টাই আহোম যুৱ পৰিষদৰ

28

নিউজ ডেস্ক, ১ মে’- বীৰঙ্গনা মূলাগাভৰু স্মৃতি দিৱসত বিশ্ব চেম্পিয়ন, অলিম্পিক মেডেলিষ্ট লাভলীনা বৰগোঁহাইলৈ টাই আহোম যুৱ পৰিষদ, অসমৰ বিশেষ সন্মান।

মোগল সৈন্যৰ বিৰুদ্ধে যুঁজ দি যুদ্ধক্ষেত্ৰত প্ৰাণত্যাগ কৰা বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদৰ্শ, বলিষ্ঠ ভুমিকা আৰু ত্যাগক শ্ৰদ্ধা আৰু উচিত মৰ্যাদা প্ৰদানৰ উদ্দেশ্যে ২০১৩ বৰ্ষৰে পৰা টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে প্ৰদান কৰি আহিছে বীৰাঙ্গনা মূলাগাভৰু বঁটা। দেওবাৰে বিশ্ব চেম্পিয়ন অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক এই বঁটা প্ৰদান কৰা হয়।

চৰাইদেউ জিলাৰ সোণাৰিত আয়োজন কৰা এক বৰ্ণাঢ্য অনুষ্ঠানত সন্মানীয় বীৰাঙ্গনা মূলাগাভৰু বঁটাটি প্রদান কৰা হয়। টাই আহোম যুৱ পৰিষদ, অসমে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু দশম বাৰ্ষিক বঁটা প্ৰদানৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে লাভলীনা বৰগোহাঁইক।

Comments are closed, but trackbacks and pingbacks are open.