Daily Time Axom

একো নকৰাকৈয়ে আপুনি ভাগৰুৱা বা দুৰ্বল হৈ পৰে নেকি?তেন্তে লওঁক এই সাৱধানতা।

0 12

ডিজিটেল ডেস্কঃ ভাগৰুৱা ! সকলো মানুহৰে এটা ৰোগ বুলিয়ে ক’ব পাৰি । এই ভাগৰ বা দুৰ্বল ভাৱ মানুহৰ তেতিয়া হয় যেতিয়া দেহত নিউট্ৰিএন্স কমে , সঠিক খাদ্য খোৱা নহয় আদি। আনহাতে ভাগৰুৱা লগাৰ বা দুৰ্বল অনুভৱ হোৱাৰ আৰু বহু কাৰণ আছে তাৰ ভিতৰত শৰীৰে সঠিক খাদ্য গ্ৰহণ নকৰা, ব্যায়াম নকৰা, অনবৰতে শুই থকা বা বহি থকা অভ্যাসেও ভাগৰ আৰু এলাহ ভাৱ আনে আৰু এনেক্ষেত্ৰত বিপাষ ক্ৰিয়া ডাউন হয় ফলত ভাগৰ আৰু দুৰ্বল অনুভৱ বাঢ়ি যায়। ভালদৰে ৰাতি টোপনি পূৰ নহ’লেও ভাগৰ আৰু দুৰ্বল লাগি থাকে আৰু যাৰবাবে গোটেই দিনটো হামিয়াই থকা দেখা যায়। ভাগৰুৱা লগা বা দুৰ্বল লগাৰ মূল কাৰণ হৈছে খাদ্য, কিয়নো আমি খাদ্যতে সকলো ভিটামিন পাঁও । কেইবিধমান খাদ্য আপোনালোকৰ বাবে আগবঢ়োৱা হ’লঃ
১) বাদাম, বিভিন্ন ধৰণৰ বাদাম পোৱা যায় যিহেতু সকলো ধৰণৰে বাদাম খাব পাৰে। আৰু লগতে NUT & SEEDS খাব লাগে। NUT ভিন্ন ধৰণৰ বজাৰত পোৱা যায়, প্ৰত্যেক দিনে এনে ধৰণৰ ইঞ্চটেন্ট এনার্জি দিয়া খাদ্য আমি খালে ভাগৰুৱা অনুভৱ নহয়। SEEDS , যেনে সহজতে পোৱা ৰঙালাও গুটি, বেলেগ বেলেগ চিজনত পোৱা ৰাজমাহ,ফেন্সবিণ, টিল ,সূৰ্যমূখী ফুলৰ গুটি আদি খাব লাগে।
২) কণী বহুতে বহুত বেমাৰৰ বাবে নাখায়,কিন্তু ইয়াত বহু পৰিমাণৰ ভিটামিন থাকে আৰু প্ৰত্যেক দিনে এটা কণী খাব লাগে ।
৩) দৈ যিহেতু গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰে সেয়ে দৈত যথেষ্ট এনাৰ্জি থাকে, ভাগৰ বা দুৰ্বল লাগিলে দৈ খাব পাৰে।
৪) এটা কল যদি খোৱা হয় তেনেহ’লে সেই কলে আধা ঘন্টাৰ ভিতৰত এনাৰ্জি দিয়ে, ভাগৰ ভাৱ আঁতৰাই ।

Leave A Reply

Your email address will not be published.