Daily Time Axom

আজি ঘোষণা কৰা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

85

নিউজ ডেস্ক, ৩ মে’- আজি ঘোষণা কৰা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ১১,৫১০টা পদৰ বাবে ঘোষিত ফলাফল ছেবাৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ’ব।

ফলাফল ঘোষণাৰ পিছত, নিৰ্বাচিত প্ৰাৰ্থীসকলক কোনটো বিভাগত নিযুক্তি দিয়া হ’ব সেইয়া অহা ৯ মে’ তাৰিখে চূড়ান্ত কৰা হ’ব। ইয়াৰ পিছতেই, ১১ মে’ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লগতে মুঠ ২৬ হাজাৰৰো অধিক পদৰ বাবে বাছনিকৃত প্ৰাৰ্থীসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব। এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো উপস্থিত থাকিব।

Comments are closed, but trackbacks and pingbacks are open.