উৰিয়ামঘাটত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
ডিজিটেল ডেস্ক: অসমীয়া সমাজ আৰু ভাষা সংস্কৃতিৰ ধ্বজাবাহক শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান সমূহৰ ভিতৰত ভাওনা হৈছে অন্যতম। মানুহ আৰু মানুহৰ সত্বাৰ কাৰণে চিন্তাকৰি গুৰুজনাই থলুৱা সংস্কৃতিৰ লগত বৈদিক সংস্কৃতিৰ মধুৰ সমাহাৰ ঘটাই ভাওনাৰ সপ্তৰসে অসমীয়া জাতিৰ সমন্বয়ৰ দুৰ্গ নিৰ্মাণ কৰি এক জোনাকী পথ নিৰ্মাণ কৰি থৈ গল।সেয়ে ভাওনাৰ শিক্ষা, অনুকৰণ আৰু মহত্ত্বৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ১৪ নং আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমিতিৰ উদ্যোগত আৰু ধনশিৰি মহকুমা বাসী ৰাইজৰ পূৰ্ণ সহযোগত অহা ৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈকে ছয়দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত এক ভাওনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উৰিয়ামঘাটস্থ নৱজ্যোতি আঞ্চলিক বৰনামঘৰ প্ৰাংগণত আয়োজন কৰা উক্ত ভাওনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব বিচৰা ইচ্ছুক ভাওনা দল সমূহক ভাওনা উদযাপন সমিতিৰ লগত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনোৱাৰ লগতে অসম ভিত্তিত অনুষ্ঠিত কৰিবলৈ লোৱা ভাওনা প্ৰতিযোগিতা খনি সাফল্য মণ্ডিত কৰি তুলিবলৈ জাতি, বৰ্ণ, ধর্ম নিৰ্বিশেষে সকলো শ্ৰেণী ৰাইজৰ সহায় সহযোগ উদযাপন সমিতিয়ে কামনা কৰিছে।