নিউজ ডেস্ক, ৪ মে’- কলিয়াবৰৰ ২নং বৰঘূলি বালিকা প্ৰাথমিক বিদ্যালয়ত অঘটন। পশ্চিম কলিয়াবৰ উন্নয়নখণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তৰ এম জি এনৰেগা আঁচনিৰ ছাইনব’ৰ্ড ভাঙি পৰাত মৃত্যুক সাৱটিলে দ্বিতীয় শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। জিৰণি সময়ত খেলি থাকোঁতেই এই দুৰ্ঘটনাত পতিত হৈ মৃত্যু ফাৰ্জাতুন মমতাজ নামৰ ছাত্ৰীগৰাকীৰ।
নিম্নমানৰ সামগ্ৰীৰে ছাইনব’ৰ্ডখন নিৰ্মাণ কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আজগৰ আলিয়ে পলায়ন কৰাৰো অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
Comments are closed, but trackbacks and pingbacks are open.