Daily Time Axom

পাঁচ বছৰে সম্পূৰ্ণ নহ’ল বালিজান নদীৰ ওপৰৰ দলংৰ দুয়োপাৰ

0 30

উন্নয়নৰ ঢাক-ঢোল বজাই বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত গ্ৰামাঞ্চল সমূহত উন্নয়নৰ নামত কেনেদৰে চৰকাৰী ধনৰ শৰাধ পাতিছে সেয়া প্ৰত্যক্ষ কৰিলে আপোনাৰ চকু কপালত উঠিব। টীয়ক সমষ্টিৰ অন্তৰ্গত গাখীৰখোৱা গাঁও পঞ্চায়ত এলেকাৰ কাঞ্চন চাপৰিৰ বালিজান নদীৰ ওপৰৰ নিৰ্মাণ কৰা দলংৰ দুয়োপাৰ আজি পাঁচ বছৰে সম্পূৰ্ণ নহ’ল।প্ৰায় আঠ লক্ষাধিক টকাৰে নিৰ্মাণ কৰা উক্ত দলংৰ বাবে আবণ্টিত ধনৰ সমুদায় ধন মুকলাই নিয়াৰ পাছতো আজিও দলংৰ দুয়োপাৰ সংযোগ নোহোৱাত অঞ্চলটোৰ ৰাইজে নদীৰ ওপৰত বাঁহৰ সাঁকোৰে ইপাৰ- সিপাৰ হ’ব লগা হোৱাত যমৰ যান্ত্ৰনা ভূগিব লগা হৈছে।ৰাইজে বহুবাৰ দলংখন সম্পূৰ্ণ কৰিবলৈ দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।সেয়ে ৰাইজে এইদৰে ক্ষোভ উজাৰি অনতি পলমে দলংখন সম্পূৰ্ণ কৰি ৰাইজৰ যাতায়ত সুচল কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনাইছে।অন্যথা ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ভুক্তভোগী জনতাই।

Leave A Reply

Your email address will not be published.