Daily Time Axom

আনাৰস স্বাস্থ্যৰ বাবে কিমান উপকাৰী? জানোঁ আহক

0 12

ডিজিটেল ডেস্কঃ আনাৰস যাৰ আন এটা নাম মাটি কঁঠাল।এইবিধ ফল খাবলৈ যিমান সোৱাদ সমানে ইয়াৰ উপকাৰিতাও আছে। অপুষ্টিত থকা সকলৰ বাবে আনাৰস মহৌষধ স্বৰূপ। আহকচোন মাটিকঁঠালৰ কি কি উপকাৰী গুণ আছে আৰু কি কি ৰোগত মহৌষধ হিচাপে কাম দিয়ে জানি লওঁ:
১) আনাৰসত ‘এ’ আৰু ‘চি’ ভিটামিন থাকে। কৰ’ণা মহামাৰীৰ বাবে ই বৰ উপকাৰী।


২) মাটি কঁঠালত যথেষ্ট পৰিমাণে ফাইবাৰ থকাৰ বাবে শৰীৰৰ ওজন নিয়ন্ত্রণত সহায়ক হয়। আনাৰস ছালাড বা জুছ কৰি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰি ল’লে শৰীৰৰ ওজন নিয়ন্ত্রণ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।
৩) আনাৰসত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। যাৰ বাবে নিয়মীয়াকৈ খালে হাঁড়ৰ গঠন শক্তিশালী হয়।
৪) চকুৰ অসুখৰ বাবে আনাৰস প্ৰচুৰ পৰিমাণে উপকাৰী। মাটি কঁঠালত থকা বিশেষ উপাদানে চকু ৰেটিনা বিভিন্ন অসুখৰ পৰা মুক্তি কৰে।
৫) মাটি কঁঠালে শৰীৰৰ ৰক্ত সঞ্চালন সুস্থিৰ আৰু নিয়মীয়া কৰাত সহায় কৰে। ইয়াৰোপৰি মাটি কঁঠালে ৰক্ত পৰিশোধিত কৰে। হৃদপিণ্ডৰ ৰক্ত সঞ্চালনৰ বাবেও এইবিধ ফল বৰ উপকাৰী।

Leave A Reply

Your email address will not be published.