Daily Time Axom

আল কাদিৰ ট্ৰাষ্টৰ গোচৰত গ্ৰেপ্তাৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান

0 31

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা তেহৰিক-ই-ইনছাফৰ মুৰব্বী ইমৰাণ খানক ইছলামবাগ উচ্চ ন্যায়ালয়ৰ পৰা নেশ্যনেল ব্যুৰো অৱ ফাইনেন্সিয়েল ক্ৰাইমছ এন বিয়ে গ্ৰেপ্তাৰ কৰে।

পিটিআইৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা একাধিক এফআইআৰত জামিন বিচাৰি আইএইচচিৰ কাষ চাপিছিল। তাৰ পৰাই ৰেঞ্জাৰছৰ জোৱানে তেওঁক আল কাদিৰ ট্ৰাষ্টৰ গোচৰত জিম্মাত লৈ যায়। ক’লা ৰঙৰ ভিগো গাড়ীৰে লৈ যায় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

ইমৰাণৰ গ্ৰেপ্তাৰ নিশ্চিত কৰি ইছলামবাদৰ আৰক্ষী মহাপৰিদৰ্শক ডাঃ আকবৰ নাছিৰ খানে পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি কয়।

জিঅ’ নিউজৰ তথ্য অনুসৰি আই এইচ চিত বায়’মেট্ৰিক্সৰ বাবে যোৱাৰ সময়তে পিটিআইৰ অধ্যক্ষগৰাকীক জিম্মাত লোৱা হয়। নেবৰ বিষয়াসকলৰ গ্ৰেপ্তাৰৰ পৰোৱানা আছিল। এন বিৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) নাজিৰ আহমেদ বাটে ১ মে’ত ইমৰাণৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল। সবিশেষ অনুসৰি তেওঁক ৰাষ্ট্ৰীয় জবাবদিহিতা অধ্যাদেশ ১৯৯৯ৰ ধাৰা ৯এৰ অধীনত জিম্মাত লোৱা হৈছে।

আই এইচ চিৰ জাননী
ইফালে ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ পিছত আই এইচ চিৰ মুখ্য ন্যায়াধীশ আমিৰ ফাৰুকে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ‘১৫ মিনিট’ৰ ভিতৰত ইছলামবাগৰ আই জি আৰু স্বৰাজ সচিবক তলব কৰে। লগতে অতিৰিক্ত এটৰ্নী জেনেৰেলক ১৫ মিনিটৰ ভিতৰত আদালতত হাজিৰ হৈ গ্ৰেপ্তাৰৰ আঁৰত কোন আছে সেই কথা তৎক্ষণাত জানিবলৈ নিৰ্দেশ দিয়ে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদি তদন্ত হ’ব লাগে তেন্তে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ন্যায়াধীশ ফাৰুকেও কয়, “কওকচোন, কোনটো গোচৰত আপুনি গ্ৰেপ্তাৰ হৈছে?”

ইয়াৰ পিছতে ইছলামবাগৰ এডভোকেট জেনেৰেলে আদালতে ১৫ মিনিটৰ পৰা আধা ঘণ্টালৈ বৃদ্ধি কৰিবলৈ অনুৰোধ জনায়। তেওঁৰ অনুৰোধ নাকচ কৰি ১৫ মিনিটৰ পিছত তেওঁক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয়।

আল-কাদিৰ ট্ৰাষ্ট কেছ কি?
প্ৰাক্তন প্ৰধানমন্ত্ৰী, তেওঁৰ পত্নী বুছৰা বিবি আৰু পিটিআইৰ অন্যান্য নেতাসকলৰ মাজত পিটিআই চৰকাৰ আৰু এজন সম্পত্তিৰ টাইকুনৰ মাজত হোৱা নিষ্পত্তিৰ তদন্ত কৰিব এন বিয়ে।

অভিযোগ অনুসৰি ইমৰাণ আৰু আন অভিযুক্তই কোম্পানীটোক ৫০ বিলিয়ন পাকিস্তানী টকাৰ বৈধতা প্ৰদান কৰে। বিনিময়ত সেই সময়ত ব্ৰিটেইনৰ নেচনেল ক্ৰাইম এজেন্সীয়ে (NCA) পাকিস্তান চৰকাৰলৈ ১৯ কোটি পাউণ্ড প্ৰেৰণ কৰিছিল।

আল কাদিৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে সোহাৱাৰৰ মৌজা বকৰালাত ৪৫৮টাতকৈও অধিক কানাল মাটিৰ অযথা সুবিধা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.