Daily Time Axom

সহজ আৰু ঘৰুৱা উপায়েৰে কেনেকৈ নিজকে সুন্দৰ কৰি ৰাখিব?চাওক

0 11

ডিজিটেল ডেস্কঃ আমি সকলোৱে সুন্দৰ হৈ থাকিব লাগে।নিজকে সুন্দৰ কৈ সজাই ৰাখিলেহে মনবোৰো সুন্দৰ হৈ থাকে।আজি আমি আপোনালোকলৈ নিজকে ধুনীয়া কৰি ৰখাৰ কেইটামান সাধাৰণ ঘৰুৱা উপায় আগবঢ়াইছো।
১/প্ৰথমে আপুনি অলপমান গাখীৰ কপাহ অথবা কটনত লগাই মুখত লগাওক।এনে কৰাৰ ফলত মুখখন চাফা হৈ পৰিব।

২/ইয়াৰ পিছতে এখন প্লেটত আপুনি অলপ ঘৰুৱা মৌ,অলপমান চেনী আৰু তিনি টুকুৰামান নেমুটেঙা লওক।

৩/মৌ অলপমান(আপোনাৰ জোখাৰে) চেনীখিনিত ঢালি তাৰ পিছত নেমুটুকুৰা চেপি তিনিওটাৰে এটা মিশ্ৰণ বনাওক।

৪/তাৰ পিছত সেইখিনি মুখখনত ধুনীয়াকৈ এফালৰ পৰা লাহে লাহে দুইমিনিটমান সানক।

৫/ইয়াৰ পিছত আপুনি গৰমপানী অলপ লৈ পানীখিনিৰ ভাপ মুখত লওক।এনে কৰাটো মুখৰ বাবে অতি উপযোগী।তাৰ পিছত আপুনি চাফা পানীৰে মুখখন ধুনীয়াকৈ ধুই পেলাওক।

একেবাৰে সহজ আৰু সাধাৰণত ঘৰুৱা উপায় এইকেইটা। এনেকৈ কেইটামান দিন একেৰাহে কৰিলে আপোনাৰ মুখখন উজ্বল আৰু ধুনীয়া হ’ব।

Leave A Reply

Your email address will not be published.