Daily Time Axom

জুনমনি ৰাভাৰ মৃত্যুঃ কলিয়াবৰৰ ঘটনাস্থলীত উপস্থিত ৩ চি আই ডিৰ সদস্য

0 27

ৰহস্যজনক পৰিস্থিতিত পথ দুৰ্ঘটনাত উপ-পৰিদৰ্শক জুনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ বাবে কলিয়াবৰত উপস্থিত হৈছে অপৰাধ অনুসন্ধান বিভাগৰ তিনিজনীয়া এটা দল।

সূত্ৰ অনুসৰি বুধবাৰে পুৱা পথ দুৰ্ঘটনা সংঘটিত হোৱা স্থান পৰিদৰ্শন কৰিছে চি আই ডিৰ দলটোৱে।

চি আই ডিৰ দলটোৰ সৈতে উপস্থিত থাকে ৰাজহুৱা কাম-কাজ বিভাগ আৰু নগাঁও আৰক্ষীৰ বিষয়াসকল।

কলিয়াবৰৰ উপ-পৰিদৰ্শক জুনমনি ৰাভাৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ পিছতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে জনাইছিল যে অসম আৰক্ষীৰ চি আই ডিক তদন্ত অৰ্পণ কৰা হৈছে।

উল্লেখযোগ্য যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) জুনমনি ৰাভাৰ মৃত্যুৰ গোচৰত কেইবাটাও নাটকীয় টুইষ্ট এণ্ড টাৰ্ণ হৈছে।

Leave A Reply

Your email address will not be published.