নিউজ ডেস্ক, ১৮ মে’- এতিয়াৰে পৰা উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ মাজত হ’ব পোনপটীয়া যোগাযোগ। জিলা উপায়ুক্তৰ পৰিৱৰ্তে হ’ব জিলা আয়ুক্ত। প্ৰতিটো সমষ্টিতে এখন উপ-জিলা গঠনৰ সিদ্ধান্ত লোৱা হৈছে। উপ-জিলাৰ মুৰব্বী হ’ব উপ-আয়ুক্ত। বৰ্তমানৰ অতিৰিক্ত উপায়ুক্তক উপ-আয়ুক্ত বুলি কোৱা হ’ব।
অতিৰিক্ত আয়ুক্তৰ তলত থাকিব এজন মহকুমাধিপতি পৰ্যায়ৰ বিষয়া, এজন চক্ৰ বিষয়া। বিধায়ক পুঁজি, আনটাইড ফাণ্ড, সভা-সমিতিৰ অনুমতি সকলো কাম-কাজ চাব উপ-আয়ুক্তই। তিনিচুকীয়াৰ উপায়ুক্তৰ সন্মিলনৰ অন্তত সংবাদমেলযোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Comments are closed, but trackbacks and pingbacks are open.