Daily Time Axom

সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতাৰ বাসগৃহৰ পৰা জব্দ ৬৫,৩৭,৫০০টকা

43

নিউজ ডেস্ক, ১৯ মে’- বৃহস্পতিবাৰে উৎকোচৰ ধন লৈ থকা অৱস্থাতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আয়কৰ বিভাগৰ সহকাৰী কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা। তদন্তত তেওঁৰ গুৱাহাটীৰ ৰূপনগৰস্থিত বাসভৱনত অভিযান চলাই অনুজ্ঞাপত্ৰ নথকা পিষ্টলৰ লগতে বৃহৎ পৰিমাণৰ সোণ, বেংকৰ পাছবুক আৰু নগদ ৬৫ লাখ ৩৭ হাজাৰ ৫০০ টকা জব্দ কৰে।

উল্লেখ্য যে, বৃহস্পতিবাৰে এইগৰাকী দুৰ্নীতিপৰায়ণ বিষয়াক ৪ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই হাটে-লোটে গ্রেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে।

Comments are closed, but trackbacks and pingbacks are open.