Daily Time Axom

পশ্চিমবংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ উচ্চতম ন্যায়ালয়ৰ

43

নিউজ ডেস্ক, ১৯ মে’- বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই দিয়ে। এতিয়াৰে পৰা এই ছবিখন পশ্চিম বংগত মুক্তি পাব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বংগত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ নিষেধাজ্ঞাৰ শুনানি গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে বংগ চৰকাৰক কয় যে, এখন বিশেষ জিলাত ছবিখন নিষিদ্ধ কৰিব পাৰি কিন্তু সমগ্ৰ ৰাজ্যতে নহয়।

১৮ জুলাইত উচ্চতম ন্যায়ালয়ত হ’ব পৰৱৰ্তী শুনানি। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে ৰাজ্যিক ক্ষমতাৰ ব্যৱহাৰ সমানুপাতিক হ’ব লাগে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, যদি মানুহৰ অসহিষ্ণুতাৰ ভিত্তিত ছবি নিষিদ্ধ কৰিবলৈ আৰম্ভ কৰে তেন্তে মানুহে কেৱল কাৰ্টুন বা ক্ৰীড়াহে চাব পাৰিব। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে, যে যদি ছবিখন সমগ্ৰ দেশতে চলিব পাৰে তেন্তে পশ্চিম বংগত কি সমস্যা?

Comments are closed, but trackbacks and pingbacks are open.