Daily Time Axom

নাজিৰাৰ বিহুবৰত জঘন্য ঘটনা, গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা এজন লোকৰ

71

নিউজ ডেস্ক, ২৪ মে’- নাজিৰাৰ বিহুবৰত জঘন্য ঘটনা। গুপ্তধনৰ সন্ধানত এগৰাকী যুৱতীক বলি দিয়াৰ চেষ্টা এজন লোকৰ। মোচোৱা মুণ্ডা নামৰ লোকজনৰ এই কু-কৰ্ম।

শিৱসাগৰ জিলাৰ বিহুবৰত নৰবলিৰ চেষ্টা এগৰাকী ২৭ বছৰীয়া যুৱতীক। মোচোৱা মুণ্ডা নামৰ লোকজনে গুপ্তধনৰ সন্ধানত বলি দিবলৈ যো-জা চলাইছিল এগৰাকী যুৱতীক যুৱতীৰ মাতৃক ২লাখ টকা দি যুৱতীগৰাকীক বলি দিয়াৰ চেষ্টা চলাইছিল লোকজনে।

যুৱতীগৰাকী কামলৈ যোৱাৰ পথত বলপূৰ্বক নিয়াৰ চেষ্টা চলাইছিল বলি দিবলৈ। ইয়াৰপিছতেই ভুক্তভোগী যুৱতীগৰাকী কাষ চাপে আৰক্ষীৰ ওচৰত ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিহুবৰ আৰক্ষীয়ে।

Comments are closed, but trackbacks and pingbacks are open.