Daily Time Axom

বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড, শূন্য দূৰত্বৰ পৰা শোৱাপাটীতে গুলীয়াই হত্যা ব্যৱসায়ীক

59

নিউজ ডেস্ক, ২৫ মে’- বিলাসীপাৰাৰ ভৈৰৱগঞ্জত মাজনিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। শোৱাপাটীতে ব্যৱসায়ীক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই। নিশা প্ৰায় ২ বজাত অঞ্চলটোৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক হত্যা কৰে দুৰ্বৃত্তই।

ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা খালি গুলীৰ কাৰ্টিজ।ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

এই হত্যাকাণ্ডক লৈ দুই শতাধিক ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে বিলাসীপাৰা থানা ঘেৰাও কৰে। ঘেৰাও কৰি দোষীক ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী জনায়।

Comments are closed, but trackbacks and pingbacks are open.