ৰাইজৰ বহু আকাংক্ষিত আতক ধুনীয়া, হাইস্পীড ট্ৰেইনখনক আদৰিবলৈ সাজু কৰি তোলা হৈছে বিজনীৰ ৰে’ল ষ্টেচন।বহু চৰ্চিত ৰেলগাড়ীখন বিজনী ষ্টেচনতো দুই মিনিট সময় ৰখায়।ৰাজধানী এক্সপ্ৰেছতকৈও দ্ৰুত এই বন্দে ভাৰত এক্সপ্ৰেছ খন এবাৰ ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে বিজনী ষ্টেচনত প্ৰায় দহ সহস্ৰাধিক লোকে এই আদৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে ৰে’লখন এবাৰ কাষৰ পৰা চোৱাৰ আশা পূৰণ কৰে ।বিজনীৰ ৰেল বিভাগৰ তৰফৰ পৰা আয়োজন কৰা আদৰণি কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, ৰেল বিভাগৰ ৰঙীয়া ডিভিজনৰ অতিৰিক্ত প্ৰৱন্ধক আৰ. এছ. বাদোলে, বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বিৰহাছগিৰি বসুমতাৰী উপস্থিত থাকে।এই সুযোগতে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে দূৰণিলৈ যাব পৰা দুই তিনিখন ৰে’ল বিজনীত ৰখোৱাৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
“বন্দে ভাৰত”কলৈ চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া
নমস্কাৰ গ্ৰহণ কৰিব। এদিনৰ বাবে বিজনী ৰে’ল ষ্টেচনত “বন্দে ভাৰত” নামৰ এইট্ৰেনটো ৰখালে জানো বিজনীবাসীৰ লাভ হ’ব।এদিনৰ চমক প্ৰদৰ্শন কৰি একো লাভ নাই। সম্ভৱ হলে এই ৰে’ল গাড়ী সদায় ৰখোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেন।দ্বিতীয়তে এই গাড়ীখনৰ প্ৰতি ঘন্টাত গতিবেগ ১৮০কিল মিটাৰ যদিও ভাৰতীয় ৰে’ল লাইন গতিবেগ ভৰ সক্ষমতা হ’ল ১৩০ কিলোমিটাৰ কেৱল অৰ্থাত ভাৰতত এই ৰে’ল গাড়ীখন ১৩০ কিলোমিটাৰতকৈ বেছি গতিবেগত চলিব নোৱাৰিব। সেয়েহে ভাৰতীয়ৰ ৰে’লপথৰ ভৰৰ গতিবেগ প্ৰথমতে বৃদ্ধি কৰাৰ আহ্বান TMC CHIRANG জিলা সমিতিৰ।অন্যথা এইবোৰ চমক দি একো লাভ নাই। ইয়াতকৈ আমাৰ শৰাইঘাটৰ এক্সপ্ৰেছ বা শতাব্দী এক্সপ্ৰেছ বহুগুণে ভাল।আনহাতে বিজনী ৰে’ল ষ্টেচনত বিজেপি জিন্দাবাদ,জয় শ্ৰীৰাম আদি ধ্বনিৰ বিজেপিৰ শাসনাধিষ্ঠিত দলীয় কৰ্মীৰ বিজনীবাসীৰ আগত বুজাবলৈ যত্ন কৰিলে যেন বিজেপি হে “বন্দে ভাৰত” ৰে’ল আনিছে,এক প্ৰকাৰ ভাৰতৰ লাইফ লাইন ভাৰতীয় ৰে’ল বিজেপিৰ পৈতৃক সম্পত্তিস্বৰূপ।”বন্দে ভাৰতক লৈ কৰা নিকৃষ্ট ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজনী ৰে’ল ষ্টেচনত এদিনৰ চমক ৰ পৰিবৰ্ত্তিতে স্থায়ী Stopageৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চল ৰে’লওৱেৰ মালিগাঁওস্থিত কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি আজি চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতিৰ অনিৰ্বান সেনে এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংবাদ মাধ্যমক অৱগত কৰে।