Daily Time Axom

উৰিয়ামঘাটত ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ সফল সামৰনি শ্ৰেষ্ঠ নাট্যদল যোৰহাটৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠী শ্ৰেষ্ঠ ভাওৰীয়া দেৱশ্রী হাজৰিকা

0 11

ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ১৪ নং আঞ্চলিক বৰনামঘৰ প্ৰাংগণত ৩১ মাৰ্চৰ পৰা ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি পৰে।ভাওনা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইটা দলে অংশ গ্ৰহণ কৰে।ৰাজ্যিক ভিত্তিত অনুষ্ঠিত এই ভাওনা প্ৰতিযোগিতাত যোৰহাট পুলিবৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীয়ে “যযাতিৰ জৰা প্ৰাপ্তি পুৰুষ ৰাজ অভিশেষ” নামৰ নাটখনি পৰিবেশন কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।সেইদৰে যোৰহাট কছাৰীপৰিয়া যুৱ মঞ্চৰ “মৎস্য অৱতাৰ” নাটে দ্বিতীয় স্থান, যোৰহাট ডেকাগিৰি সাংস্কৃতিক সংঘৰ “ধ্ৰুৱ চৰিত্ৰ”ৰ নাটে তৃতীয় স্থান আৰু গোলাঘাট সাৰঙ্গপানী শিল্পী সমাজৰ “ভাতৃবধু” আৰু ফুলপানিচিগাৰ অৰুনোদয় সাংস্কৃতিক গোষ্ঠীৰ “ৰামপৰাজয়” নাটে যুটীয়াভাৱে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ ভাওৰীয়া পুৰস্কাৰ বুটলিবলৈ সক্ষম হয় মণিকূট নাট্যগোষ্টীৰ দেৱশ্রী হাজৰিকা, দ্বিতীয় স্থান লাভ কৰে ৰত্নাৱলী শিল্পী সমাজৰ মাধুৰ্য কলিতা আৰু তৃতীয় স্থান লাভ কৰে বৈকুণ্ঠ শিল্পী সমাজৰ প্ৰদীপ হাজৰিকাই।
সেইদৰে প্ৰতিযোগীতাত শ্ৰেষ্ঠ সহ ভাওৰীয়াত প্ৰথম স্থান যুটীয়া ভাৱে লাভ কৰে ডেকাগিৰি সাংস্কৃতিক সংঘৰ ত্রিলোচন বৰা আৰু পদ্মনাভ নাট্যগোষ্টীৰ উদীপ্ত শইকীয়াই।শ্ৰেষ্ঠ সূত্ৰধাৰত প্ৰথম স্থান লাভ কৰে সাৰঙ্গপানী শিল্পী সমাজৰ ডিম্পল বৰা আৰু দ্বিতীয় স্থান লাভ কৰে যোৰহাট কছাৰীপৰিয়া যুৱ সংঘৰ জিন্টু ফুকনে।প্ৰতিযোগিতাত শ্ৰেষ্ঠ ভগৱান চৰিত্ৰত প্ৰথম স্থান লাভ কৰে সাৰঙ্গপানী শিল্পী সমাজৰ সুশান্ত শইকীয়া আৰু দ্বিতীয় স্থান অধিকাৰ কৰে কছাৰীপৰিয়া যুৱ সংঘৰ ত্ৰিদিপ লোচন বৰাই।শ্ৰেষ্ঠ নাৰদৰ অভিনয়ত প্ৰথম স্থান লাভ কৰে কছাৰীপৰিয়া যুৱ সংঘৰ ৰূপজিত কলিতাই দ্বিতীয় স্থান লাভ কৰে ডেকাগিৰি সাংস্কৃতিক সংঘৰ বিতোপন কলিতাই।প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰূপসজ্জাৰ দল হিচাপে পৰিগণিত হয় পশ্চিম যোৰহাটৰ সাৰঙ্গপানী নাট্য গোষ্ঠীৰ দল।শ্ৰেষ্ঠ বাঁহী বাদকৰ স্থান লাভ কৰে যোৰহাট কছাৰীপৰিয়া যুৱ সংঘৰ অবিনাশ বৰাই।শ্ৰেষ্ঠ মুখা চৰিত্ৰত গোলাঘাটৰ বাবু বৰাই স্থান লাভ কৰে।শ্ৰেষ্ঠ স্ত্ৰী চৰিত্ৰত প্ৰথম স্থান লাভ কৰে যোৰহাট পুলিবৰ শ্ৰীমন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীৰ বিতোপন সেনাপতি আৰু দ্বিতীয় স্থান লাভ কৰে গোলাঘাট সাৰঙ্গপানী শিল্পী সমাজৰ দাদু বৰা আৰু তৃতীয় স্থান লাভ কৰে যোৰহাট ৰত্নাৱলী শিল্পী সমাজৰ ৰূপাংকৰ বৰাই।প্ৰতিযোগিতাত শ্ৰেষ্ঠ গায়ন বায়নত প্ৰথম যোৰহাটৰ বৈকুণ্ঠ শিল্পী সমাজ আৰু দ্বিতীয় স্থান পশ্চিম যোৰহাটৰ ৰত্নাৱলী শিল্পী সমাজ।শ্ৰেষ্ঠ গায়ন হিচাপে প্ৰথম স্থান লাভ কৰে যোৰহাট পুলিবৰ শ্ৰী মন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীৰ প্ৰজ্ঞান প্ৰতিম বৰুৱাই।শ্ৰেষ্ঠ বায়ন হিচাপে যুটীয়া ভাবে প্ৰথম স্থান লাভ কৰে যোৰহাট ডেকাগিৰি সাংস্কৃতিক সংঘৰ নিতুমণি বৰা আৰু পশ্চিম যোৰহাটৰ সাৰঙ্গপানী নাট্য গোষ্ঠীৰ লক্ষ্যজিৎ দত্ত। শ্ৰেষ্ঠ কৌতুক ভাওৰীয়াৰ যুটীয়া ভাবে স্থান লাভ কৰে শ্ৰী মন্ত শংকৰ মাধৱ নাট্য গোষ্ঠীৰ নৃপেন শইকীয়া আৰু ডেকাগিৰি সাংস্কৃতিক সমাজৰ দিব্য দত্তই।প্ৰতিযোগিতাত শ্ৰেষ্ঠ সূত্ৰধাৰত প্ৰথম স্থান লাভ কৰে গোলাঘাট সাৰঙ্গপানী শিল্পী সমাজৰ ডিম্পল বৰা দ্বিতীয় স্থান যোৰহাট কছাৰীপৰিয়া যুৱ সংঘৰ জিণ্টু ফুকনে।প্ৰতিদিনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ নিয়মানুৱৰ্তীতা দল হিচাবে পৰিগণিত হয় গন্ধকৰৈ আঞ্চলিক শিল্পী সমাজ

Leave A Reply

Your email address will not be published.