পদত্যাগ কৰিলে ১৬ সদস্যই
শিৱসাগৰ বিজেপিত অন্তঃকন্দল | সোমবাৰে সামাজিক মাধ্যমৰ সক্ৰিয় কৰ্মীৰ সৈতে মুখ্যমন্ত্রীৰে হোৱা বাৰ্তালাপ কাৰ্যসূচী লৈ নিমন্ত্রণ নজনোৱাৰ ক্ষোভত পদত্যাগ কৰে শিৱসাগৰ বিজেপিৰ সদস্যই | সদ্যপদত্যাগী সদস্যসকল আছিল জিলা সামাজিক মাধ্যম কোষৰ | মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সামাজিক মাধ্যম কোষৰ কাৰ্যকৰ্তাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত হৈছিল বাৰ্তালাপ | সেই বাৰ্তালাপত নিমন্ত্ৰণ জনোৱা নহ’ল শিৱসাগৰৰ এই সকল সদস্যক | পদত্যাগ কৰা দলটোত আছে ১৬ গৰাকী কৈ সদস্য | মন কৰিবলগীয়া যে, যি সময়ত খোদ প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী উভয়ে সকলো দলীয় সদস্যৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰে | ঠিক তেনে সময়তে মুখ্যমন্ত্ৰীৰ এই বাৰ্তালাপত বিভাগীয় সদস্যই আমন্ত্ৰণ নোপোৱাত স্বাভাৱিকতেই প্ৰশ্নই দেখা দিছে | সেয়েহে এই পদত্যাগে বাৰুকৈয়ে প্ৰভাৱিত কৰিব বিজেপিৰ ভিতৰচ’ৰাত |