Daily Time Axom

স্বীকৃতি হেৰুৱাব দেশৰ ৪০খন চিকিৎসা মহাবিদ্যালয়ে, তালিকাত আছে অসমৰ ৩ খন চিকিৎসা মহাবিদ্যালয়

50

নিউজ ডেস্ক, ১ জুনঃ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। আনহাতে স্বীকৃতি বাতিলৰ পথত দেশৰ প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয়। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। তালিকাত অন্তৰ্ভুক্ত হৈছে অসম, গুজৰাট, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম। আয়োগে নিৰ্ধাৰণ কৰি দিয়া মানদণ্ড পূৰণত ব্যৰ্থতাৰ অভিযোগ।

অসমৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা হৈছে।

একাংশ চিকিৎসকে বিষয়টো দৃষ্টিগোচৰ কৰিছিল NMCক। পোহৰলৈ আহিছে মেডিকেল কলেজত থকা সুৰুঙাৰ লগতে প্ৰতিষ্ঠানসমূহৰ অৱহেলা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক বিষয়টোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে লিখিছিল পত্ৰ।

Comments are closed, but trackbacks and pingbacks are open.