Daily Time Axom

উৰিষ্যাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত ৯০০ৰো অধিক যাত্ৰী

59

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত হৈছে ৯০০ৰো অধিক ৰে’লযাত্ৰী৷ আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ মালবাহী ৰে’লত খুন্দা চেন্নাইমুখী কৰমণ্ডল এক্সপ্ৰেছৰ৷ উদ্ধাৰকাৰ্যত নামিছে ১২০০ৰো অধিক জোৱান, লগতে উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে ২০০খন এম্বুলেন্স, ৫০খন বাছ৷

ইয়াৰপিছতেই দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ৷ দুৰ্ঘটনাটোক অতিকে দুৰ্ভাগ্যজনক আখ্যা দি ৰে’ল দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে৷

কেন্দ্ৰ চৰকাৰে ইতিমধ্যে নিহত সকলৰ পৰিয়ালৈ ১০ লাখকৈ ক্ষতিপূৰণ দিয়াৰ সৈতেই গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে ২ লাখ টকা আৰু আন আঘাতপ্ৰাপ্ত সকললৈ ৫০ হেজাৰকৈ টকা আগবঢ়াই ।

Comments are closed, but trackbacks and pingbacks are open.