Daily Time Axom

উৰিষ্যাত পুনৰ লাইনচ্যুত হ’ল এখন মালবাহী ৰে’ল

49

নিউজ ডেস্ক, ৫ জুনঃ উৰিষ্যাত পুনৰ ৰে’ল দুৰ্ঘটনা। বালাচোৰৰ পাছত এইবাৰ বৰগড়ত বাগৰিল মালবাহী ৰে’ল। ৰে’লখনৰ পাঁচটাকৈ ডবা লাইনচ্যুত হয়। চূণশিল কঢ়িয়াই নিয়া এখন মালবাহী ৰে’ল লাইনচ্যুত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, ২ জুনত উৰিষ্যাৰ বালাচোৰত সংঘটিত হৈছিল এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই ঘটনাত প্ৰায় ৩০০ লোক নিহত হোৱাৰ লগতে ১১ শতাধিক লোক আহত হয়।

Comments are closed, but trackbacks and pingbacks are open.