নিউজ ডেস্ক, ৮ জুনঃ গুৱাহাটী মহানগৰীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা। ৰাজধানী মছজিদৰ সমীপত সংঘটিত হৈছে এই ঘটনা।ৰয়েল গ্ল’বেল স্কুলৰ স্কুল বাছে মহতিয়াই নিলে পিতৃ-কন্যাক। থিতাতে নিহত হয় ছাত্ৰীগৰাকী। পিতৃৰ সৈতে স্কুটীৰে বিদ্যালয়লৈ গৈ আছিল ছাত্ৰীগৰাকী। দুৰ্ঘটনা সংঘটিত কৰিয়ে বাছসহ পলায়ন কৰে চালকজনে। নিহত ছাত্ৰীগৰাকী লিটল ফ্লাৱাৰ স্কুলৰ প্ৰিয়া কুমাৰী। পৰৱৰ্তী সময়ত বশিষ্ঠ থানাত আত্মসমৰ্পণ কৰে দুৰ্ঘটনা সংঘটিত কৰা চালকজনে।
Comments are closed, but trackbacks and pingbacks are open.