Daily Time Axom

লিডুৰ কয়লাখনিত পুনৰ ভয়ংকৰ ঘটনা

60

নিউজ ডেস্ক, ৮ জুনঃ লিডুৰ কয়লাখনিত পুনৰ ভয়ংকৰ ঘটনা। অবৈধভাৱে কয়লা খনন চলাওঁতে দুজন যুৱকৰ মৃত্যু। ধনৰ প্ৰলোভন দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কয়লা মাফিয়াৰ। বুধবাৰে খনন চলাই থকাৰ সময়ত দুজনকৈ শ্ৰমিকৰ মৃত্যু ঘটে। নিহত হোৱা শ্ৰমিক দুজনৰ এজন ইটাখোলাৰ নয়ন ফুকন বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত আনজন যুৱকৰ পৰিচয়।

কয়লা মাফিয়া ক্ষীতিশ দেৱনাথে চলাইছিল অবৈধ খনন। নয়ন ফুকনক কয়লা খননৰ বাবে নিছিল ক্ষীতিশ দেৱনাথে। পিতৃ-মাতৃয়ে জানিব দিয়া মতে, ধনৰ প্ৰলোভন দি ঘটনা গাপ দিয়াৰ চেষ্টা কয়লা মাফিয়া ক্ষীতিশ দেৱনাথৰ। তদুপৰি ক্ষীতিশ দেৱনাথৰ বিৰুদ্ধে কয়লা খননত শিশু শ্ৰমিক নিয়োগৰো অভিযোগ উত্থাপিত হৈছে।

Comments are closed, but trackbacks and pingbacks are open.