Daily Time Axom

তামিলনাডুৰ শক্তিমন্ত্ৰী ভি ছেন্থিল বালাজীক গ্ৰেপ্তাৰ EDৰ

47

নিউজ ডেস্ক, ১৪ জুনঃ তামিলনাডুৰ শক্তিমন্ত্ৰী ভি ছেন্থিল বালাজীক গ্ৰেপ্তাৰ৷ ‘কেচ ফৰ জব’ কেলেংকাৰীৰ গোচৰত ED-এ গ্ৰেপ্তাৰ কৰে মন্ত্ৰীগৰাকীক৷ বালাজীৰ বিভিন্ন স্থানত EDৰ তালাচীৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় ৷ ২০১৪ৰ ‘কেচ ফৰ জব’ আৰু ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বালাজীক৷ বালাজীয়ে পৰিবহণ মন্ত্ৰী হৈ থকাৰ সময়তে সংঘটিত হৈছিল এই কেলেংকাৰী৷ গ্ৰেপ্তাৰৰ পাছতে অসুস্থ হৈ পৰে ভি ছেন্থিল বালাজী৷

কেচ ফৰ জবৰ বিনিময়ত চাকৰি কেলেংকাৰীৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আৰক্ষী আৰু ইডিক অনুমতি দিছিল। ইয়াৰ পিছতেই, EDএ মঙলবাৰে পুৱাৰ পৰা মাজনিশালৈ মন্ত্ৰী ভি চেন্থিলৰ বাসগৃহত অভিযান চলায়। EDৰ এজন বিষয়াই কয় যে, মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ ধাৰাৰ অধীনত শক্তি মন্ত্ৰীৰ বাসগৃহত তালাচী চলোৱা হৈছিল। বিগত মাহত আয়কৰ বিভাগে বালাজীৰ ঘনিষ্ঠ সহযোগীসকলৰ ঘৰতো তালাচী চলাইছিল বুলি তেওঁ জনায়।

Comments are closed, but trackbacks and pingbacks are open.