নিউজ ডেস্ক, ১৫ জুনঃ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হয় CBIৰ দল। আই পি এছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে নিশা গুৱাহাটী চিবিআই কাৰ্যালয়ত বাহৰ পাতে।CIDৰ সৈতে আলোচনাত মিলিত হৈ নামিব তদন্ত প্ৰক্ৰিয়াত। আজি পুৱা দলটোৱো জখলাবন্ধালৈ ৰাওনা হয়। চিবিআইৰ দুগৰাকী পৰিদৰ্শকৰ নেতৃত্বত গৈছে দলটো।
উল্লেখ্য যে, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি চি বি আইয়ে জোনমণি ৰাভা কাণ্ড প্ৰসংগত ভিন্ন থানাত ৰুজু হোৱা ৪টা গোচৰৰ তদন্ত কৰিব।
Comments are closed, but trackbacks and pingbacks are open.