Daily Time Axom

দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড

0 55

দিল্লীৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড।

একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে ৰছীৰে নামিবলৈ চেষ্টা কৰিছিল। নামি অহা সময়ত আহত হয় কেইবাজনো। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ১২:৩০ বজাত দিল্লীৰ মুখাৰ্জী নগৰৰ এটা কোচিং চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত হয়। অল ইণ্ডিয়া নিউজ এজেন্সীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অগ্নিকাণ্ডৰ তথ্য লাভ কৰি ১১খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে সেই স্থানলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ছাত্ৰ-ছাত্ৰীসকলক আন ঠাইলৈও স্থানান্তৰিত কৰা হয়।

জানিব পৰা মতে হঠাৎ কোচিং চেণ্টাৰৰ বিদ্যুতৰ মিটাৰত জুই লাগে। ধোঁৱা ওলাই অহা দেখি একাংশ ছাত্ৰ-ছাত্ৰীয়ে আতংকিত হৈ ৰছীৰে নামিবলৈ চেষ্টা কৰে। অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহতিৰ হোৱা নাই।

Leave A Reply

Your email address will not be published.