Daily Time Axom

৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল-শিক্ষামন্ত্ৰী

53

নিউজ ডেস্ক, ১৬ জুনঃ ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত বাতিল। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিলে এই সিদ্ধান্ত।

সেই মহাবিদ্যালয় কেইখন আছিল ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাওঁ মহাবিদ্যালয় আৰু গুৰুচৰণ মহাবিদ্যালয়।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰে আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কথা ঘোষণা কৰা ৮ খন কলেজলৈ এক জাননী প্ৰেৰণ কৰি পূৰ্বৰ সিদ্ধান্ত বাতিলৰ কথা অৱগত কৰে।

Comments are closed, but trackbacks and pingbacks are open.