প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগন্তুক আমেৰিকা ভ্ৰমণত হাই-টেক আৰু প্ৰতিৰক্ষা খণ্ডক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ’ব। ইয়াৰ উপৰিও ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলে আমেৰিকা ভ্ৰমণৰ বাবে ভিছাৰ বাবে দীৰ্ঘদিনীয়া অপেক্ষা হ্ৰাস কৰাটোও দ্বিপাক্ষিক সন্মিলনত সমানে গুৰুত্ব দিয়া হ’ব। ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে মোডীৰ ভ্ৰমণৰ পূৰ্বে এক সাক্ষাৎকাৰত এই কথা কয়।
আনহাতে ভাৰতে সেই দেশৰ পৰা তিনি বিলিয়ন ডলাৰৰ ৩০ খন আক্ৰমণাত্মক ড্ৰোন ক্ৰয় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নেতৃত্বাধীন প্ৰতিৰক্ষা সঁজুলি ক্ৰয় পৰিষদে বিষয়টো ছীল কৰে। ইয়াৰ পিছত ফাইলটো নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অনুমোদন জনাব। সূত্ৰ অনুসৰি মোডী আমেৰিকালৈ যোৱাৰ পূৰ্বে এই অনুমোদন আহিব। ইয়াৰ উপৰিও ভাৰতে আমেৰিকাৰ পৰা সামুদ্ৰিক চোৱাচিতাৰ বাবে নিৰ্মিত এখন ড্ৰোন (Sea Guardian) লিজত লৈছিল। অহা বছৰৰ জানুৱাৰী মাহত তাৰ কাৰ্যকাল শেষ হ’ব। এই ভ্ৰমণৰ সময়ত সেই সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰতো এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনা আছে। আনহাতে ২২ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব মোদীয়ে। সেইদিনাই আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনতো ভাষণ দিব।