Daily Time Axom

প্ৰধানমন্ত্ৰী আৰু সাংসদ পদ হেৰুৱাই পুনৰ সাংবাদিকতালৈ ঘূৰি আহিছে বৰিছ জনছন

0 57

শেহতীয়াকৈ ব্ৰিটিছ সংসদৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদ এৰিব লগা হৈছিল। সকলো পদ হেৰুৱাই পুনৰ সাংবাদিকতালৈ ঘূৰি আহিছে জনছন। ব্ৰিটেইনৰ অন্যতম শ্ৰেষ্ঠ বাতৰি কাকত ডেইলী মেইলে তেওঁক স্তম্ভলেখক হিচাপে নিযুক্তি দিছে। জনছনকো ব্যৱহাৰ কৰিবলৈ ডেইলী মেইলে এখন গাড়ী দিছে। এতিয়াৰ পৰা জনছনৰ প্ৰতি শনিবাৰে ডেইলী মেইলত এটা কলম থাকিব। ডেইলী মেইলে কয় যে, ‘আপুনি বৰিছ জনছনৰ অনুৰাগী হওক বা নহওক, ৱেষ্টমিনিষ্টাৰ (ব্ৰিটিছ সংসদ)কে ধৰি বিশ্বৰ লাখ লাখ লোকে তেওঁৰ লেখা পঢ়িব লাগিব।’ কাকতলীয়াভাৱে জনছনে ৯ জুনত সংসদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে ২০২২ চনত পাৰ্টি গেট কেলেংকাৰীৰ বাবে প্ৰধানমন্ত্ৰীৰ পদ এৰিবলগীয়া হৈছিল।
ইফালে জনছনৰ কেৰিয়াৰ আৰম্ভ হৈছিল সাংবাদিকতাৰ পৰা। এসময়ত তেওঁ একেলগে ৰাজনীতি আৰু সাংবাদিকতা কৰিছিল। জনছন সাংবাদিকতালৈ ঘূৰি আহিছে।

Leave A Reply

Your email address will not be published.