কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ মুকলি হ’ল উৰণীয়া সেতু।
এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ততঃ আংশীকভাৱে মুকলি কৰা হ’ল নলবাৰীৰ প্ৰথমখন উৰণীয়া সেতু। ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰি মন্দিৰৰ সন্মুখত প্ৰায় ৪৭ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মিত জিলাখনৰ প্ৰথমখন উৰণীয়া সেতুখন আংশীকভাৱে মুকলি কৰা হ’ল। জিলাখনৰ উত্তৰ পাৰৰ পৰা নলবাৰী চহৰলৈ লৈ অহা-যোৱা কৰিবলৈ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন একমাত্ৰ পথছোৱাত দীৰ্ঘদিন ধৰি ৰাইজে নৰক যন্ত্ৰনা ভূগিছিল। বিভিন্ন সময়ত দূৰ্ঘটনা হোৱাও পৰিলক্ষিত হৈছিল। সেয়ে নলবৰীয়া ৰাইজৰ দীৰ্ঘদিনীয় অভাৱ দূৰীকৰণৰ উদ্দেশ্যে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ কাৰ্যকালত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনাৱালে ২০১৯ চনতে উৰণীয়া সেতুখনৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু মন্ত্ৰীত্ব সলনি হ’ল,বিধায়ক সলনি হ’ল কেৱল সম্পূৰ্ণ হৈ উঠা নাছিল সেঁতুৰ কাম। উৰণীয়া সেঁতুখনৰ কাম অতি লেহেমীয়া হোৱা হেতুকে চাৰিবছৰ উকলি গ’ল। ফলশ্ৰুতিত ৰাইজে যমৰ যাতনা ভূগিবলগীয়াত পৰিছিল।অৱশেষত সেতুৰ কাম সম্পন্ন হোৱাৰ পিছতো মুকলি নহোৱাকলৈও ৰাইজে প্ৰতিক্ৰিয়া আগবঢ়াইছিল। কিন্তু অৱশেষত আহিল ভাল খবৰটো। প্ৰায় ৪৭ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মিত উৰণীয়া সেতুখন মুকলি কৰা হয়। কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত আজি অৰ্থাৎ সোমবাৰে বিভাগীয় কতৃপংক্ষৰ জৰিয়তে আংশীকভাৱে মুকলি কৰা হয় সেতুখন।উল্লেখ্য যে নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ সমীপত থকা এইখনেই জিলাখনৰ একমাত্ৰ আৰু প্ৰথম উৰণীয়া সেতু। জিলাখনৰ যাতায়ত-যোগাযোগৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত সেতুখনে বিশেষ ভূমিকা ল’ব বুলি স্থানীয় ৰাইজে অৱগত কৰাই।