Daily Time Axom

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা, ক’ত ক’ত বৃদ্ধি আৰু হ্ৰাস পালে সমষ্টি?

48

নিউজ ডেস্ক, ২১ জুনঃ লোকপিয়লৰ ভিত্তিত অসমৰ ১২৬টা বিধানসভা সমষ্টি আৰু ১৪টা লোকসভা সমষ্টিৰ সীমাৰ সালসলনি কৰি গঠন হ’বলগীয়া সমষ্টিৰ খচৰা প্ৰকাশ কৰিছে ৷ প্ৰস্তাৱিত সমষ্টিৰ তালিকাত বিধানসভা সমষ্টি ১২৬টা আৰু লোকসভা সমষ্টিও ১৪টাই থাকিব ৷ কিন্তু সমষ্টিসমূহ গঠন কৰোঁতে কোনো কোনো জিলাত সমষ্টি হ্ৰাস পাইছে আৰু কোনোবা জিলাত বৃদ্ধি হৈছে ৷জুলাইত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি। যাৰ বাবে জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।

নিৰ্দেশনা অনুসৰি ১৯টা বিধানসভা সমষ্টি আৰু ২টা লোকসভা সমষ্টি সংৰক্ষিত হ’ব STৰ বাবে। পূৰ্বতে STৰবাবে সংৰক্ষিত আছিল ১৬টা বিধনসভা সমষ্টি।

আনহাতে SCৰ বাবে বিধানসভা সমষ্টিৰ সংখ্যা ৮ৰ পৰা ৯টালৈ বৃদ্ধি হয়। লোকসভাত ১টা সমষ্টি সংৰক্ষিত হ’ব SCৰ বাবে। পশ্চিম কাৰ্বি আংলঙত এটা বিধানসভা সমষ্টি বৃদ্ধি হয় SCৰ বাবে।

আনহাতে ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সংৰক্ষিত STৰ বাবে।অ-সংৰক্ষিত হৈয়ে থাকিব লখিমপুৰ লোকসভা সমষ্টি। ধেমাজিত থাকিব এটা অসংৰক্ষিত বিধানসভা সমষ্টি। লগতে বৰাক উপত্যকাত থাকিব দুটাকৈ লোকসভা সমষ্টি।

Comments are closed, but trackbacks and pingbacks are open.