Daily Time Axom

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আৰক্ষী বিষয়াই আটক কৰিলে আৰক্ষীক

41

নিউজ ডেস্ক, ২৪ জুনঃ ছিপাঝাৰ থানাৰ তদানীন্তন বিষয়া নুৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ আৰক্ষীৰ।দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ নুৰুদ্দিন আহমেদক। বৰ্তমান বাক্সা জিলাৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত আছিল নুৰুদ্দিন আহমেদ।ছিপাঝাৰত কৰ্মৰত অৱস্থাত কৰ্তব্যত কৰা গাফিলতিৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াজনক।

উল্লেখ্য যে, ছিপাঝাৰ থানাৰ দায়িত্বত থকাৰ সময়ত বিভিন্ন গোচৰৰ কেচ ডায়েৰী আৰু গোচৰৰ নথি-পত্ৰসমূহ আদালতত জমা নিদি নীতি বহিৰ্ভুতভাৱে ৰাখি থৈছিল বিষয়াজনে।

Comments are closed, but trackbacks and pingbacks are open.