উত্তৰ-পূব ব্ৰাজিলত অবৈধভাৱে বসবাস কৰা এটা অট্টালিকা আংশিক ভাঙি মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। জীৱিতসকলক উদ্ধাৰৰ বাবে অনুসন্ধান অভিযান সম্পূৰ্ণ কৰি শনিবাৰে কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰে।
শুকুৰবাৰে সংঘটিত হয় এই দুৰ্ঘটনা। ইয়াৰ পূৰ্বে ১১ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। পিছত উদ্ধাৰকাৰীয়ে আৰু অধিক অনুসন্ধান কৰি এগৰাকী মহিলা আৰু দুটা শিশুক উদ্ধাৰ কৰে।
এটা বৃহৎ হাউছিং কমপ্লেক্সৰ সৈতে সংযুক্ত তিনিমহলীয়া ভৱনটো ২০১০ চনত বিপদৰ বাবে বন্ধ কৰি দিয়া হৈছিল বুলি কৰ্তৃপক্ষই জনায়। কিন্তু তেতিয়াৰ পৰাই তাত অবৈধভাৱে একাংশ লোকে বাস কৰিছিল।
মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে এপ্ৰিল মাহত একেখন ৰাজ্যৰ আলিণ্ডা চহৰত একেধৰণৰ বিপদজনক অট্টালিকা ভাঙি ৬জন লোকৰ মৃত্যু হৈছিল।