Daily Time Axom

এভাৰেষ্টৰ সমীপত উদ্ধাৰ নিৰুদ্দেশ হোৱা হেলিকপ্টাৰৰ ধ্বংসাৱশেষ, ৫জন পৰ্যটক আৰু কেপ্তেইনৰ মৃত্যু

0 37

মাউণ্ট এভাৰেষ্টৰ ওচৰত উদ্ধাৰ ধ্বংসাৱশেষ। কাঠমাণ্ডুলৈ যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনত থকা ৬ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হৈছে। হেলিকপ্টাৰখন নিৰুদ্দেশ হোৱাৰ তিনি ঘণ্টাৰ পিছতে উদ্ধাৰ হয় ধ্বংসাৱশেষ।

পাঁচজন মেক্সিকান নাগৰিকৰ সৈতে ছ’লুখুম্বুৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল চপাৰখন।

মৃত্যু হয় অধিনায়কসহ মুঠ ছয়জন লোক। আকাশত উৰা কিছু মুহূৰ্তৰ ভিতৰতে কন্ট্ৰল টাৱাৰৰ সৈতে সংস্পৰ্শ হেৰুৱাই পেলায় চপাৰখন। নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই জনোৱা মতে, ছ’লুখুম্বু জিলাৰ লামজুৰাৰ সমীপত চপাৰখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।

নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মেনেজাৰ জ্ঞানেন্দ্ৰ ভূলে কয় যে, ‘মানং এয়াৰ এন এ-এম ভি চপাৰখনে পুৱা ১০:০৪ বজাত সুৰক বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ উৰা মাৰিছিল। শেষবাৰৰ বাবে ১০:১২ বজাত চপাৰখনৰ সৈতে যোগাযোগ কৰা হৈছিল। তেতিয়াৰ পৰা হেলিকপ্টাৰখনৰ সৈতে যোগাযোগ হোৱা নাই।

অনুমান কৰা হৈছে যে হেলিকপ্টাৰখনে পাহাৰৰ ওপৰত থকা গছত খুন্দা মাৰে। তাৰ বাবেই ই সম্পূৰ্ণৰূপে ভাঙি পৰিল। চপাৰখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলটো মাউণ্ট এভাৰেষ্টৰ অতি ওচৰত। অৱনমিত হেলিকপ্টাৰখনৰ স্থান নিৰ্ণয় কৰিবলৈ দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হয়। কিন্তু বেয়া বতৰৰ বাবে দুয়োখন হেলিকপ্টাৰ উৰা মাৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছতে গাঁওবাসীয়ে লামজুৰা অঞ্চলৰ চিহাণ্ডাণ্ডাত এক জোৰেৰে বিস্ফোৰণৰ শব্দ শুনিবলৈ পায়। অনুমান কৰা হৈছে যে এই সময়তে হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় ৰাইজৰ কথা শুনি আৰক্ষীয়ে এটা তালাচী দল প্ৰেৰণ কৰে। ধ্বংসাৱশেষ চিনাক্ত কৰিলে। তেওঁ নিশ্চিত কৰে যে সোলুখুম্বুৰ পৰা কাঠমাণ্ডুলৈ যোৱা হেলিকপ্টাৰখন ভাঙি মৃত্যু হৈছে ৬ জন লোকৰ।

ঘটনাৰ পিছতে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্তৰ পিছতহে জানিব পৰা যাব, ঠিক কি কাৰণত হেলিকপ্টাৰখন আকাশৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বিমান বিশেষজ্ঞৰ মতে বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

Leave A Reply

Your email address will not be published.