Daily Time Axom

এছিয়ান গেমছৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

38

নিউজ ডেস্ক, ১৫ জুলাইঃ অসমবাসীৰ বাবে সুখবৰ! এছিয়ান গেমছৰ বাবে ঘোষিত ভাৰতীয় চিনিয়ৰ মহিলা ক্ৰিকেট দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ। হৰমনপ্ৰিত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোত স্থান লাভ কৰিছে উইকেট কীপাৰ বেটছমেন উমা ছেত্ৰীয়ে। BCCIয়ে ঘোষণা কৰিলে দলটো। অহা ১৯ পৰা ২৮ ছেপ্টেম্বৰলৈ চীনৰ হনঝৌত অনুষ্ঠিত হ’ব ঊনবিশংতম এছিয়ান গেমছ।

শুকুৰবাৰে নিশা বি চি চি আয়ে এছিয়ান গেমছৰ বাবে ভাৰতীয় দল ঘোষণা কৰে। ঘোষিত পুৰুষৰ দলটোক নেতৃত্ব প্ৰদান কৰিব প্ৰতিভাৱান খেলুৱৈ ঋতুৰাজ গাইকোৱাড়ে। আনহাতে মহিলা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।

Comments are closed, but trackbacks and pingbacks are open.