Daily Time Axom

যদি হিজাব পিন্ধা নাই তেন্তে ১০ বছৰৰ কাৰাদণ্ড! ইৰাণে আনিছে কঠোৰ আইন

0 42

হিজাব বিদ্ৰোহ দমন কৰিবলৈ হতাশ হৈ পৰিছে ইৰাণ চৰকাৰ। যুৱক মাহছা আমিনিৰ মৃত্যুৰ পিছত দেশৰ মোল্লাসকলক জোকাৰি যোৱা বিপ্লৱক বিফল কৰিবলৈ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ প্ৰশাসনে কঠোৰ আইন প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। বিধেয়কখন গৃহীত হ’লেহে এই আইন বলবৎ হ’ব। হিজাব নিপিন্ধিলে ৫ৰ পৰা ১০ বছৰ জেললৈ যাব। এক বৃহৎ জৰিমনা ভৰিব লাগিব।

এতিয়ালৈকে ইৰাণৰ এই আইন অনুসৰি ১০ দিনৰ পৰা ২ মাহৰ কাৰাদণ্ডৰ শাস্তি আছে। ভাৰতীয় মুদ্ৰাত এই জৰিমনা পৰিমাণ ৯৭ টকাৰ পৰা ৯৭৭ টকালৈকে। কিন্তু কাৰাদণ্ডৰ দৰেই জৰিমনাও ৭ লাখ টকা বৃদ্ধি কৰা হৈছে।

Leave A Reply

Your email address will not be published.