Daily Time Axom

মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা, পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ

60

নিউজ ডেস্ক, ৫ আগষ্টঃ পুনৰ ৰক্তাক্ত মণিপুৰ। বিষ্ণুপুৰ জিলাত পুৱতি নিশা পিতা-পুত্ৰসহ ৩জনক হত্যা কুকি দুৰ্বৃত্তৰ। কুৱাক্টা অঞ্চলৰ ৱখা টাম্পাক গাঁৱত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ মতে, তিনিজন লোকক শুই থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল। মৃত তিনিজন সাহায্য শিবিৰত আছিল কিন্তু পৰিস্থিতি উন্নত হোৱাৰ পিছত শুকুৰবাৰে কুৱাক্টাৰ তেওঁলোকৰ ঘৰলৈ উভতি গৈছিল।

ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও নিৰাপত্তাৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।

Comments are closed, but trackbacks and pingbacks are open.