Daily Time Axom

পাকিস্তানী যুৱতী আৰু ভাৰতীয় যুৱকৰ অনলাইনত বিয়া

0 35

ভাৰতলৈ আহিবলৈ ভিছা পোৱা নাই। কেতিয়া পাব সেই সন্দৰ্ভতো কাৰো স্পষ্ট উত্তৰ নাই। এনে পৰিস্থিতিত ভাৰতীয় দৰা আৰু পাকিস্তানী কইনাৰ বিয়া ভাৰ্চুৱেলি হৈ যায়। যোৱা বুধবাৰে অনলাইনযোগে বিবাহপাশত আবদ্ধ হয় দম্পতীহাল। এল ই ডি স্ক্ৰীণত বিবাহ অনুষ্ঠানটো চাইছিল পৰিয়াল দুটাৰ আত্মীয়ই। প্ৰসংগক্ৰমে, সীমা হাইদৰ নামৰ এগৰাকী পাকিস্তানী গৃহিণীয়ে অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতত বিয়া পাতিছিলহি। আনহাতে, তৰুণী অঞ্জুৱে পাকিস্তানৰ পৰাই বিবাহপাশত আবদ্ধ হয় ভাৰতৰ যুৱকৰ লগত। এতিয়া এই দুটা ঘটনাৰ বাবে সমগ্ৰ দেশ অস্থিৰ হৈ পৰিছে।

ঘটনাটো হ’ল-

যোধপুৰৰ বাসিন্দা আৰবাজৰ সৈতে বিবাহপাশত আবদ্ধ হয় পাকিস্তানৰ আমিনা। কিন্তু বহুদিন আবেদন কৰাৰ পিছতো আমিনাই ভিছা নাপালে। ফলত বিবাহ অনুষ্ঠানক লৈ অনিশ্চয়তা বাঢ়ে। এই পৰিস্থিতিত আৰবাজ আৰু আমিনাই অনলাইন বিয়া হোৱাৰ সিদ্ধান্ত লয়। বুধবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দুয়োৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়। দুয়োখন দেশৰ বিষয়াসকল উপস্থিত থাকে সেই বিয়াত। সকলো নিয়ম মানি বিয়াৰ অনুষ্ঠান সম্পূর্ণ কৰে৷ বিবাহ অনুষ্ঠানত দুয়োপক্ষৰ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.