পেট কামিনছৰ পিছত ব্ৰেট লিয়ে ক’ভিডৰ সতে যুজঁ দিবলৈ ভাৰতলৈ আগবঢ়াইছে অনুদান
ডিজিটেল ডেস্ক: ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে।অক্সিজেনৰ অভাৱত পৰি দেশত মৃত্যু হৈছে বহুতো লোকৰ।এনে সংকটজনক অৱস্থাত ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি অহা অষ্ট্ৰেলিয়ান বেগী বলাৰ পেট কামিনছৰ পিছতে পুনৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছে আন এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে।অষ্ট্ৰেলিয়াৰ এসময়ৰ স্পীড ষ্টাৰ ব্ৰেট লিয়ে শেহতীয়া কৈ প্ৰায় ৪০ লাখ টকা আগবঢ়াইছে ভাৰতলৈ।ক্ৰিকেটাৰ গৰাকীয়ে টুইট যোগে জনাইছে যে ক’ৰণাৰ বাবে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা সমস্যা সমুহে তেখেতক ব্যথিত কৰি তুলিছে।গতিকে তেওঁ এই সামান্য সহায় কৰি গৌৰৱ অনুভৱ কৰিছে।আৰু উক্ত ধনৰাশি ক্ৰিকেটাৰ গৰাকীয়ে চিকিৎসালয় সমুহলৈ প্ৰয়োজন হোৱা অক্সিজেন সৰবৰাহৰ বাবে আগবঢ়াইছে।ইয়াৰ উপৰিও তেখেতে ভাৰতক নিজৰ দ্বিতীয় খন ঘৰ বুলি অভিহিত কৰি ভাৰতৰ লোকসকলৰ পৰা তেখেতে যথেষ্ট মৰম লাভ কৰিছে বুলি উল্লেখ কৰিছে।