Daily Time Axom

উত্তৰ গুৱাহাটীত কলেজীয়া ছাত্ৰীক অপহৰণ

39

নিউজ ডেস্ক, ১৭ আগষ্টঃ উত্তৰ গুৱাহাটীত এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণ। এখন ছুইফ্ট ডিজায়াৰত অহা দুৰ্বৃত্তৰ এটা দলে অপহৰণ কৰে ছাত্ৰীগৰাকীক। AS 01DB 4335 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনত অহা দুৰ্বৃত্তই উঠাই নিয়ে ইউনিফৰ্মত থকা ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীয়ে আত্মৰক্ষাৰ বাবে চিঞৰা বাখৰ কৰাত স্থানীয় কেইজনমান লোকে পিছ লৈছিল যদিও দুৰ্বৃত্ত কেইটাক ধৰিবলৈ সক্ষম নহয়। ৰজাদুৱাৰ চ’কত ছাত্ৰীগৰাকীয়ে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু দুৰ্বৃত্তই মাৰপিট কৰি গুৱাহাটী অভিমুখে ৰাওনা হয়। ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।।

Comments are closed, but trackbacks and pingbacks are open.