ভাৰতীয় কিষাণ সংঘ অসমৰ যোৰহাট জিলাৰ উদ্যোগত ভগৱান শ্ৰীবলৰাম জয়ন্তী দিৱসটি টীয়কৰ ৰজাবাৰী দুইনৈ মুখ কুমাৰ গাঁৱত উদযাপন কৰা হৈছে।স্থানীয় জ্যেষ্ঠ ব্যক্তি ঘনকান্ত কলিতাৰ সভাপতিত্বত আয়োজিত এই সভাত টীয়ক ৰাজহ চক্ৰৰ বিষয়া বেদান্ত বৰুৱা,জিলা কৃষি বিষয়া কাৰ্যালয়ৰ অনুপ পেগু,প্ৰাঞ্জল হাজৰিকা,ভাৰতীয় কিষাণ সংঘৰ সভাপতি যতীন্দ্ৰ নাথ দত্ত,সাংগঠনিক সম্পাদক বিৰেণ দত্তকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি জৈৱিক সাৰ,স্বাৱলম্বী গাঁও আৰু সুস্থ জীৱন গঢ় দিয়াৰ লক্ষ্যেৰে বিশেষকৈ যোগ্য কৃষকসকলে কিদৰে চৰকাৰী আঁচনিসমূহ লাভ কৰিব পাৰে,নিজৰ উৎপাদিত সামগ্ৰী বজাৰ দখল কৰিব পাৰে বা কিদৰে ভূমি,কৃষি বীজ,কৃষিৰ প্ৰক্ৰিয়াত ব্যৱহৃত সজুলি আদিৰ ক্ষেত্ৰত চৰকাৰীভাৱে সুবিধা লাভ কৰিব পাৰে তাৰ ওপৰত বক্তব্য আগবঢ়াই কৃষক ৰাইজক উপকৃত কৰে।লগতে বেংক একাউন্ট তথা ই কে ৱাই চি কিদৰে সক্ৰিয় কৰি উপযুক্ত আঁচনিৰ ধন লেনদেন কৰিব লাগে তাৰ ওপৰতো সাম্য জ্ঞান দিবলৈ চেষ্টা কৰে উদ্যোক্তাসকলে।
Prev Post