সৰুপথাৰ মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত নিশাৰ ভাগত ঘটিল অঘটন ।
ডিজিটেল ডেস্ক :ৰাজ্যত বিধান সভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ দুটা দিন বাকী থকাৰ অৱস্থাতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ মহাবিদ্যালয়ত থকা ষ্ট্ৰং ৰুমত নিশা এক অঘটন সংঘটিত হয় ।
ষ্ট্ৰং ৰুমৰ বাউণ্ডেৰীৰ এটা অংশৰ টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছ আৰু অসম জাতীয় পৰিষদৰ ৱাটছ এজেন্ট সকলে। অভিযোগ উঠামতে যোৱা নিশা প্ৰায় ১. ৩০ মান বজাত সংঘটিত হয় এই ঘটনা । সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ ফালৰ পৰা পোৱা এই টিঙৰ বেৰা খন নিশাৰ ভাগত কোনো লোকে খুলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৱাটছ এজেন্ট সকলে। এই বিষয়ত প্ৰশাসনক উচিত তদন্ত কৰাৰ দাবী কৰিছে WATCH AGENT সকলে । এই গুৰুত্বৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতেই উক্ত স্থানত ধনশিৰি মহকুমা প্ৰশাসনৰ লোক উপস্থিত হৈ বেৰাখন বন্ধ কৰি দিয়া পৰিলক্ষিত হয় । সম্প্ৰতি এই ঘটনাই সমগ্র সৰুপথাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।