প্ৰায় তিনি হাজাৰ কুকুৰাক জৈৱ সুৰক্ষাৰে প্ৰতিপালন।
নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডলৰ অন্তৰ্গত ঘগ্ৰাপাৰ জাৱজাৱকুছিত কৰ্মশ্ৰী পশু চিকিৎসক ডাঃ অম্বিকা ডেকাৰ তত্বাবধানত চ’লি আছে এখন চৰকাৰী “কুকুৰা পাম”। প্ৰায় ৩১ বিঘা ভুমিৰ ছয় বিঘা ভুমিৰে আবৃত হৈ আছে এই কুকুৰা পামখন।
১৯৮৭/৮৮ চনত স্থাপিত হোৱা পামখন ১৯৯০/৯১ ত প্ৰায় মৰহি গৈছিল। জানিব পৰা ম’তে সেই স্থানত চি আৰ পি এফ বাহিনীৰ চাউনী হিচাপেও ব্যৱহৃত হৈছিল। কিন্তু পিছত ২০০৫ চনত ডাঃ অম্বিকা ডেকাই উক্ত পামখনত পৰিচালক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই ক্ৰমান্ধয়ে পামখন ঠন ধৰি উঠি সম্প্ৰতি প্ৰায় তিনি হাজাৰ কুকুৰাৰে সমৃদ্ধ এখন বিশাল কুকুৰা ৰখা গৃহত পৰিণত হয়।পৰিচালকগৰাকীৰ কৰ্মদক্ষতা তথা নিষ্ঠাৰ বাবে অসম চৰকাৰে “কৰ্মশ্ৰী বটাঁ” আৰু ভাৰত চৰকাৰৰ পৰা “অনন্য পশু চিকিৎসক” বটাঁ প্ৰদান কৰা হয়।
উল্লেখ্য যে এই কুকুৰা সমূহ সম্পৰ্ণ জৈৱ সুৰক্ষাৰে প্ৰতিপালন কৰা হয় আৰু প্ৰতিপালনৰ দায়িত্বত সাত গৰাকীকৈ কৰ্মচাৰী আৰু তিনিগৰাকী হাজিৰা কৰ্মচাৰী নিয়োজিত হৈ আছে।। উক্ত পামখনত কুকুৰাৰ কণীৰ পৰা নতুন কুকুৰা জগোৱাৰ ব্যৱস্থা আছে।লগতে পশু পালন সন্দৰ্ভত সময়ে সময়ে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হয়।উক্ত পামৰ পৰাই প্ৰশিক্ষণ লাভ কৰি কুকুৰা পালনৰে বহুতো শিক্ষিত নিৱনুৱা স্বাৱলম্বন হোৱাও পৰিলক্ষিত হয়।আনহাতে বিজ্ঞান সন্মত পদ্ধতিৰে প্ৰতিপালিত কুকুৰা পাম খন পৰিদৰ্শন কৰিবলৈ সময়ে সময়ে সাধাৰণ ৰাইজৰ পৰা পশু বিভাগৰ উচ্চ পদষ্ঠ বিষয়া সকল আহি থাকে বুলি পামখনৰ পৰিচালকজনে জানিবলৈ দিয়ে।উল্লেখ্য যে উক্ত পামখনত জৈৱ সুৰক্ষাৰে কুকুৰা সমূহ প্ৰতিপালনৰ ব্যৱস্থা আছে যদিও পামখনৰ সন্মুখত অইন কাম কৰা ঠিকাদাৰৰ অধীনত থকা জেচিবি গাড়ীৰ খুণ্ডাত পামৰ সন্মুখৰ দেৱালখন খহি পৰে। যিয়ে কুকুৰাসমূহক জৈৱ সুৰক্ষা দিয়াত বিঘ্নিত কৰিছে। সেয়ে দেৱালখন সোণকালে পুনৰ নিৰ্মান কৰিবলৈ উক্ত ঠিকাদাৰ তথা বিভাগীয় কতৃপক্ষক আহ্বান জনাই পৰিচালক ডাঃ অম্বিকা ডেকাই।