Daily Time Axom

ৰাছিয়াত বিমান দুৰ্ঘটনাত মৃত্যু ৱেগনাৰ গ্ৰুপৰ মুৰব্বী য়েৱগেনী প্ৰিগোজিনৰ

41

নিউজ ডেস্ক, ২৪ আগষ্টঃ ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপৰ চীফ য়েৱগেনী প্ৰিগোজিনৰ মৃত্যু। এক বিমান দুৰ্ঘটনাত মৃত্যু হয় প্ৰিগোজিনৰ। মস্কো-পিটাৰ্ছবাৰ্গৰ মাজত হৈছিল এই দুৰ্ঘটনাটো। বিমান দুৰ্ঘটনাটোত পাইলটসহ ১০ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।

ৰাছিয়াৰ জৰুৰীকালীন পৰিস্থিতি মন্ত্ৰালয়ে জনোৱা মতে, “বিমানত ৩জন ক্ৰু সদস্যকে ধৰি ১০ জন লোক আছিল। প্ৰাথমিক তথ্য অনুসৰি বিমানত থকা সকলো লোকৰ মৃত্যু হৈছে।”

Comments are closed, but trackbacks and pingbacks are open.