Daily Time Axom

নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা, ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

38

নিউজ ডেস্ক, ২৫ আগষ্টঃ নগাঁৱৰ হয়বৰগাঁৱত চাঞ্চল্যকৰ ঘটনা৷ ব্যৱসায়ীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ৷ বৃহস্পতিবাৰে নিশা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই প্ৰৱেশ কৰি বিনোদ জৈন নামৰ ব্যৱসায়ী গৰাকীক চুৰিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰে। অৱশ্যে ব্যৱসায়ীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তই পলায়ন কৰে।

ঘটনাৰ পিছতে স্থানীয় ব্যৱসায়ীসকলে বিনোদ জৈনক উদ্ধাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যায়।

Comments are closed, but trackbacks and pingbacks are open.