Daily Time Axom

শ্বাহৰুখৰ ঘৰৰ সন্মুখত প্ৰতিবাদ,কিন্তু কিয়

0 29

মুম্বাইৰ বেণ্ডষ্টেণ্ড এলেকাত শ্বাহৰুখ খানৰ ঘৰ, নাম ‘মন্নত’। শ্বাহৰুখ খানৰ মন্নত মুম্বাইৰ অন্যতম চাবলগীয়া ঘৰ। এই ঘৰৰ সন্মুখত ভিৰ থকাটো অতি স্বাভাৱিক ঘটনা, কিন্তু হঠাতে কিবা এটা হ’ল। মান্নতৰ সন্মুখত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। এয়া অনুৰাগীৰ মৰম নহয়, প্ৰতিবাদহে কৰিবলৈ এটা সংগঠনৰ সদস্য গোট খাইছে।

অনটাচ ইউথ ফাউণ্ডেশ্যনৰ সদস্যসকলে প্লেকাৰ্ড লৈ মন্নতৰ বাহিৰত সমবেত হয়।

অনলাইন গেমিং এপৰ ​​বিৰুদ্ধে তেএঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এক বিবৃতিত তেওঁ কয়, ‘সকলো বিখ্যাত অভিনেতা-অভিনেত্ৰীয়ে অনলাইন গেমিং এপৰ ​​বাবে প্ৰচাৰ চলাইছে যিয়ে যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰি সমাজখনক বিপথে পৰিচালিত কৰিছে।’ সেইবাবেই সংগঠনটোৱে অভিনেতাজনৰ ঘৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমান শ্বাহৰুখেও বিভিন্ন স্থানত খেলখনৰ প্ৰচাৰ কৰা দেখা গৈছে। সেইবাবেই এই প্ৰতিবাদ। অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.