Daily Time Axom

ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলন

0 47

ঐতিহাসিক বৃহত্তৰ বৰনগৰ অঞ্চলৰ বটবৃক্ষ স্বৰূপ,দেশৰ জনপ্ৰিয় আলোচনী ইণ্ডিয়া ট্যুডেত ২০১৮ চনৰ পৰা ২০২২ চনলৈ একেৰাহে চতুৰ্থবাৰলৈ দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নিজৰ নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ দুগ্ধ নগৰী খ্যাত ঐতিহাসিক সৰভোগৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয় এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে,শিক্ষাৰ পৰা সাহিত্য,সংস্কৃতিৰ পৰা ক্ৰীড়া প্ৰতিটো দিশত মহাবিদ্যালয়খন আগৰণুৱা,বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীয়ে শিক্ষা-সাহিত্য,ৰাজনীতি-খেলকে ধৰি বিভিন্ন প্ৰতিভাৰ জৰিয়তে ৰাজ্যিক,উত্তৰ পূৰ্বাঞ্চল,ৰাষ্ট্ৰীয় তথা বিশ্ব পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ মহাবিদ্যালয়খনৰ নাম উজ্বলাই তুলিছে,মহাবিদ্যালয়ৰ কেইবাজনো ছাত্ৰ বলিউদৰ পৃথিৱীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷
আজি ২৭ আগষ্ট দেওবাৰে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ এখনি সন্মিলন অনুষ্ঠিত হয়,এই সন্মিলনৰ মূলতে বিষয়বস্তু হৈছে-অহা ছেপ্টেম্বৰ মাহত মহাবিদ্যালয়খনত NAAC PEER TEAM VISIT কৰিব,এই পৰিদৰ্শনৰ কাৰ্যসূচীত NAAC ৰ দলটোয়ে প্ৰাক্তন শিক্ষাৰ্থীৰ লগত মত-বিনিময় কৰিব৷

Leave A Reply

Your email address will not be published.