Daily Time Axom

প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মাটিৰ উষ্ণতা পৰীক্ষা কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

44

নিউজ ডেস্ক, ২৮ আগষ্টঃ ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ নমুনা পৰীক্ষা কৰা হৈছে। ভাৰতৰ চন্দ্ৰযান-৩ৰ অংশ ৰ’ভাৰ প্ৰজ্ঞানে ইতিমধ্যে চন্দ্ৰৰ মাটিত কাম আৰম্ভ কৰিছে। সেই অভিযানতেই চন্দ্ৰপৃষ্ঠৰ গভীৰত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে মাটিৰ উষ্ণতা জুখি চাইছে। ভাৰতৰ মহাকাশ গৱেষণা সংস্থাই দেওবাৰে প্ৰথমবাৰৰ বাবে এক্স (টুইটাৰ) প্লেটফৰ্মত প্ৰজ্ঞান ৰভাৰে সংগ্ৰহ কৰা তথ্য প্ৰকাশ কৰে। ইয়াত লিখিছে, “চন্দ্ৰৰ মাটি পৰীক্ষা কৰিবলৈ ‘চেষ্ট’ নামৰ এটা যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ কাম হৈছে চন্দ্ৰ পৃষ্ঠত উষ্ণতাৰ তাৰতম্য পৰীক্ষা কৰা।এই চেষ্ট চন্দ্ৰপৃষ্ঠত কমেও ১০ চে.মি. গভীৰতালৈ যাব পাৰে। চন্দ্ৰপৃষ্ঠত কমেও ১০ প্ৰকাৰৰ উষ্ণতা এই ৰ’ভাৰ প্ৰজ্ঞানৰ যন্ত্ৰটোৱে চালিজাৰি চাব পাৰে।”ইছৰোৱে প্ৰাথমিকভাৱে যি তথ্য লাভ কৰিছে, তাৰ বিশ্লেষণ কৰিছে। তাৰ পৰাই জনা যায় যে দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠৰ উষ্ণতা ৪০ৰ পৰা ৪৫ ডিগ্ৰীৰ ওচৰত। কিন্তু মাটিৰ গভীৰতালৈ গ’লে এই সংখ্যা সলনি হয়। প্ৰতি ২০ মিলিমিটাৰ গভীৰতাত বেলেগ বেলেগ উষ্ণতা দেখা যায়। চন্দ্ৰপৃষ্ঠৰ পৰা ১০ চে:মি: গভীৰতালৈ গ’লে তাপমাত্ৰা মাইনাছ ১০ ডিগ্ৰীলৈ নামি যায়।।

Comments are closed, but trackbacks and pingbacks are open.